Playing via Spotify Playing via YouTube
Skip to YouTube video

Loading player…

Scrobble from Spotify?

Connect your Spotify account to your Last.fm account and scrobble everything you listen to, from any Spotify app on any device or platform.

Connect to Spotify

Dismiss

A new version of Last.fm is available, to keep everything running smoothly, please reload the site.

Ai Saraswati A - Lyrics

আই সৰস্বতী অ' ----ৰংফুল বকুলী!
তোমালৈ মানি যাওঁ কি!

বোলো কি?

তোমালৈ মানি যাও শুকুলা ছাগলী
মাহে পৰমানে দি
মিলনদৈ, শশী মিলনদৈ
শশী মিলনদৈ বাখৰ কলিদৈ
বাখৰ কলিদৈ আৰু মঙলদৈ
মাহে পৰমানে দি ।

ক'লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে ---হুৰৰৰৰ...
ক'লাচোলা কুৰুতা গুদাম আছে চাৰিটা
চাৰিও চাৰিকে চৰে--- হুৰৰৰ...
এ, এই জনীৰ চকুলৈ চাবকে নোৱাৰি
জালুক জলকীয়াই পোৰে মিলনদৈ
শশী মিলনদৈ শশী মিলনদৈ
বাখৰ কলিদৈ বাখৰ কলিদৈ
আৰু মঙলদৈ জালুকে পোৰাদি পোৰে

যাঃ, এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
যাঃ এইডাল নাহিবি, যাঃ দূৰতে থাকিবি
মোৰ পিনে নেচাবি একা
যাঃ ক'ৰেনো গেন্ধেলা, গেন্ধেলা নে ফেদেলা
যাঃ ক'ৰেনো গেন্ধেলা, গেন্ধেলা নে ফেদেলা
একে ভুকুত কঁকাল হ'ব বেঁকা ।

অ' পিৰিটি কি বস্তু চিনিব নোৱাৰি
হে' কোনজন ঈশ্বৰৰ মায়া
হে' তুমি নকৰিলে কৰোতা নাই মোৰ
হে ' ভাটি বয়সতে বিয়া

পাণবৰিয়ালৰ পাণ ঐ নানিবি
নানিবি গুৱালৰ দৈ
গামখাৰু আনিলেও
তোৰদৰে বুঢ়াটোক
কাহানিও নোবোলোঁ পৈ!

এ' মইনাজান, মইনাজান, বিয়া-বাৰু নকৰোঁ
মইনাজান মইনাজান, পলুৱাই নিম তোক
মইনাজান মইনাজান, নেলাগে হোমৰে জুই
মইনাজান মইনাজান, তোৰদৰে নাচনীক
মইনাজান মইনাজান, পলুৱাই নিনিলে
মইনাজান মইনাজান, মৰিমে বৰলা হৈ ।

কি ক'লি, কি ক'লি, মোক নিবি পলুৱাই
তোৰ তেনে সাহসফেৰা আছে
পলুৱাই নিলেহে পুৰুষ বুলি ভাবিম মই
লৰি যাম তোৰ পাচে পাচে।

ৰাজগড়ৰ হাবিতে মাতি মই পোৱা নাই
মোৰ নামে ওলাইছে পটা,
তোমাকে পলুৱাই নিবই যে লাগিব
নহ'লে জীৱনটো বৃথা মিলনদৈ

শশী মিলনদৈ
বাখৰ কলিদৈ
বাখৰ কলিদৈ
আৰু মঙলদৈ
নহলে ৱনটো বৃথা
এ'...অ'...

Don't want to see ads? Subscribe now

API Calls